সমাজতত্ত্ব আৰু সমাজ | H.S 1st Year Sociology Chapter 1 Solution

 

পাঠভিত্তিক প্রশ্নোত্তৰ


সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়ন কিয় গুৰুত্বপূৰ্ণ? আলোচনা কৰা ৷

উত্তৰঃ

অকল সমাজতত্ত্বৰে নহয়, অধ্যয়নৰ বিষয় হিচাপে সকলো বিষয়ৰে উৎপত্তি আৰু বিকাশৰ অধ্যয়নে সেই বিষয়টোক বুজি পোৱাত সহায় কৰে। সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নে আমাক সমাজতত্ত্বক, সমাজতত্ত্বৰ উৎপত্তিৰ কাৰকবোৰ কি কি, ইয়াক অধ্যয়নৰ বিষয়বস্তু আদি বিষয়ক জ্ঞান দিয়ে। সমাজতত্ত্বৰ উৎপত্তি হৈছিল ইউৰোপত আৰু সমাজতত্ত্বৰ বেছিভাগ বিষয়-বস্তু ইউৰোপীয় সমাজৰ পৰা লোৱা। যদি আমি সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে অধ্যয়ন নকৰো তেন্তে আমি কিয়নো ইউৰোপত উৎপত্তি আৰু বিকাশ ঘটা বিষয় কিয় অধ্যয়ন কৰিব লাগে বা কিয়নো ইউৰোপত সমাজতত্ত্বৰ উৎপত্তি ঘটিল আদি বিষয়ক প্রশ্ন বিলাকৰ সমিধান পাব নোৱাৰি। প্ৰকৃততে ১৭ শতিকাৰ পৰা ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলন, শিল্প বিপ্লৱ, পুঁজিবাদী ব্যৱস্থা তথা উদ্যোগীকৰণে সমাজলৈ যি অভূতপূর্ব পৰিৱৰ্তন কঢ়িয়াই আনিছিল সেই পৰিৱৰ্তনৰ প্ৰেক্ষাপটত সমাজক বিজ্ঞাসন্মতভাৱে আলোচনা কৰিবলৈকে সমাজতত্ত্বৰ জন্ম হৈছিল। ইউৰোপত সৃষ্টি হোৱা এনে পৰিৱৰ্তনৰ বতাহে সমগ্র বিশ্বকে চুই লৈছিল। এই সমগ্ৰ বিষয়ৰ জ্ঞান আৰ্জনৰ বাবে সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নৰ বাহিৰে কোনো গত্যন্তৰ নাই ।


২। ‘সমাজ’ নামৰ বিশেষ শব্দটিৰ বিভিন্ন দিশবোৰ আলোচনা কৰা। তোমাৰ ব্যৱহাৰিক জ্ঞানবোধৰ সৈতে ইয়াৰ কিমান পার্থক্য আছে?

উত্তৰঃ

সমাজ নামৰ বিশেষ শব্দটিৰ বিভিন্ন দিশবোৰ আলোচনা কৰিছিল ১৯ শতিকাৰ কেইজনমান প্রখ্যাত সমাজতত্ত্ববিদ, যেনে— আগষ্ট ক', কার্লমার্ক্স, হাৰ্বাৰ্ট স্পেনচাৰ আদি তেওঁলোকে সমাজক দুটা সমূহত বিভিক্ত বা শ্রেণীকৰণ কৰাৰ প্ৰয়াস কৰে -


() প্ৰাক্‌ আধুনিক যুগৰ সমাজ, যেনে— চিকাৰী আৰু খাদ্য আহৰণকাৰী গোষ্ঠী, চহা বা ভেড়াৰখীয়া আৰু খেতি কৰা সমাজ, কৃষিজীৱী সভ্যতা আৰু অনা ঔদ্যোগিক সভ্যতা।


() আধুনিক সমাজ, যেনে— ঔদ্যোগিক সমাজ।


সমাজতত্ত্বই সমাজক কিছুমান সূত্ৰ আৰু নিয়মৰ আধাৰত অধ্যয়ন কৰে যিবোৰ নিৰ্ভৰ কৰে অৱধাৰণা, তথ্য আৰু অধ্যয়ন পদ্ধতিৰ ওপৰত। আনহাতে, আমাৰ সমাজৰ ব্যৱহাৰিক জ্ঞানবোধ নিৰ্ভৰ কৰে স্বাভাৱিক ব্যাখ্যা বা ব্যক্তি বিশেষৰ জ্ঞানবোধৰ ওপৰত।


ব্যৱহাৰিক জ্ঞান সাধাৰণতে অপ্ৰতিফলিত কিয়নো ই নিজৰ উৎস সম্পর্কে জ্ঞাত নহয় । কিন্তু সমাজতত্ত্বৰ পদ্ধতিগত আৰু অনুসন্ধিৎসু দৃষ্টিভংগী থাকে যিবোৰ আহৰণ কৰা হয় বৈজ্ঞানিক অনুসন্ধানৰ বহুল পৰম্পৰাৰ পৰা।


সমাজৰ ব্যৱহাৰিক জ্ঞানবোধৰ ফালৰ পৰা ক’বলৈ গ'লে ‘সমাজ’ শব্দটোৰ স্থিতি অতি সীমিত আৰু ই সমাজতত্ত্বৰ পৰা যথেষ্ট পৃথক।



আজিকালি বিভিন্ন বিষয়ৰ মাজত বহল পৰিসৰত কেনেকৈ দিয়া লোৱা চলে, আলোচনা কৰা।

উত্তৰঃ

আজিকালি বিভিন্ন বিষয়ৰ মাজত চলা দিয়া লোৱাক তলত দিয়া ধৰণেৰে আলোচনা কৰিব পাৰি—


() সমাজতত্ত্বৰ অধ্যায়নক্ষেত্ৰ অতি বিশাল আৰু বিস্তৃত। সমাজতত্ত্বই এক বিষয় হিচাপে সমাজক সামাজিক ব্যৱহাৰ, সামাজিক সংস্থা, সামাজিক নীতি আৰু কাৰ্যসূচী হিচাপে অধ্যয়ন কৰে যিবোৰ ঐতিহাসিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক নীতিৰ দ্বাৰা প্ৰভাৱিত হয়।


() ৰাজনীতি বিজ্ঞানে দেশৰ শাসন ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰে। ৰাজনৈতিক বাতাবৰণ, ৰাজনৈতিক নীতি আদিৰ সমাজত প্ৰভাৱ আছে। সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজত গৱেষণাৰ ক্ষেত্ৰত সমানে আগ্রহ আছে। ৰাজনৈতিক সমাজতত্ত্বই বিভিন্ন সংস্থা আৰু সেইবোৰৰ মাজত থকা আন্তঃসম্পৰ্কৰ ৰাজনৈতিক আচৰণৰ অধ্যয়নৰ ওপৰত প্ৰধানকৈ আলোকপাত কৰে। ৰাজনৈতিক সংগঠনবোৰত সদস্যৰূপে যোগদান কৰা, সংগঠনৰ মজিয়াত সিদ্ধান্ত গ্ৰহণ কৰা প্ৰক্ৰিয়া, ৰাজনৈতিক দললৈ আগবঢ়োৱা সমর্থন, ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ আদিৰ সমৰ্থনৰ সমাজতাত্ত্বিক কাৰণ আদিৰ বিষয়ে ৰাজনীতি বিজ্ঞানত অধ্যয়ন কৰা হয়।


() অর্থনীতি বিজ্ঞানৰ বিষয়বস্তু হিচাপে অৰ্থনীতিয়ে অর্থনৈতিক ক্রিয়া-কলাপ, অর্থনৈতিক নীতি আদিৰ বিষয়ে অধ্যয়ন কৰে যিবোৰ ৰাজনৈতিক সূত্ৰ আৰু সমাজৰ প্ৰয়োজনীয়তাৰ দ্বাৰা প্ৰভাৱিত হয়। অর্থনৈতিক আচৰণ আৰু ক্ৰিয়াকলাপ সমূহক সমাজতাত্ত্বিক দৃষ্টিভংগীৰ যোগেদি সামাজিক প্রতিমান, প্রথা, মূল্য আৰু আগ্ৰহৰ এক বহল ক্ষেত্ৰত দৃষ্টিপাত কৰিবলৈ প্ৰয়াস কৰে। ইয়াৰ উপৰি, সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ বহল দৃষ্টিভংগীৰ কাৰণেই বৰ্তমান অর্থনৈতিক সমাজতত্ত্ব বিষয়টো সৃষ্টি কৰা হৈছে।


() ইতিহাস হৈছে সমাজতত্ত্বৰ পৰা একেবাৰে পৃথক এক বিষয়। সেয়েহে বর্তমান ইতিহাসবিদ সকলে অতীতৰ সামাজিক ঘটনা, লিঙ্গৰ সম্পৰ্ক, পৰম্পৰা আদি বুজিবৰ বাবে সমাজতাত্ত্বিক পদ্ধতি আৰু অৱধাৰণাবোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।


() মনোবিজ্ঞান হৈছে মানৱ ব্যৱহাৰৰ বিজ্ঞান, সমাজৰ সংগঠিত ৰূপ অনুযায়ী ব্যক্তিৰ যি আচৰণ বা ব্যৱহাৰ প্ৰকাশ পায়, সমাজতত্ত্বই সেইবোৰ অধ্যয়ন কৰিব বিচাৰে। ইয়েই সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত এক সম্পৰ্ক গঢ়ি তুলিছে৷ ইয়াৰ ফলত সামাজিক মনোবিজ্ঞান বিষয়টোৰ সৃষ্টি হৈছে যিয়ে সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত এখন সাকোৰ ভূমিকা পালন কৰে। এই সামাজিক মনোবিজ্ঞানে সামাজিক গোটসমূহত এজন ব্যক্তিৰ আচৰণ নিৰীক্ষণৰ দ্বাৰা ব্যক্তিৰ মৌলিক আগ্ৰহ অধ্যয়ন কৰে।


() নৃতত্ত্বই সৰল সমাজক অধ্যয়ন কৰাৰ বিপৰীতে সমাজতত্ত্বই জটিল সমাজক অধ্যয়ন কৰে, সামাজিক নৃতত্ত্ব আৰু সাংস্কৃতিক নৃতত্ত্ব সমাজতত্ত্ববিদ সকলৰ সম্বন্ধিত বিষয়। নৃতত্ত্বক সমাজতত্ত্বৰ ভগ্নীস্বৰূপ বুলি আখ্যা দিয়া হয়।


ৰাজনীতি, অর্থনীতি আৰু সমাজৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে আৰু ইটোৱে সিটোক -াৱিত কৰে। সেয়েহে, এই তিনিওটা বিষয় একেলগে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। ৰওপৰি, সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ যেনে— নৃতত্ত্ব বিজ্ঞান, অর্থনীতি বিজ্ঞান,ৰাজনীতি বিজ্ঞান ইতিহাস আৰু মনোবিজ্ঞানৰ মাজতো আন্তঃসম্পর্ক আছে কিয়নো এই বিষয়বোৰে একেই সমূহীয়া আগ্ৰহ, অৱধাৰণা আৰু পদ্ধতি আদান-প্রদান কৰে।



তুমি বা তোমাৰ বন্ধুবৰ্গই অথবা তোমাৰ আত্মীয়স্বজনে সম্মুখীন হোৱা যিকোনো ব্যক্তিগত সমস্যা এটি চিনাক্তকৰণ কৰা। সেই সমস্যাটিক সমাজতাত্ত্বিক দৃষ্টিৰে চাবলৈ যত্ন

উত্তৰঃ

মোৰ বৰদেউতা আৰু বৰমাই তেখেতসকলৰ জীয়ৰী (মোৰ বাইদেউ)ৰ কাৰণে দৰা বিচাৰি ফুৰিছে। তেওঁলোকে এনেকোৱা এজন দৰা বিচাৰিছে, যিজন সুশিক্ষিত, চৰকাৰী বিষয়া, নম্ৰ আৰু ভাল বা সম্ভ্ৰান্ত পৰিয়ালৰ হয়।


কিন্তু মোৰ বাইদেউৱে বিচাৰিছে এজন সৎ স্বভাৱৰ স্বামী যিজন চৰকাৰী বিষয়া নহ'বও পাৰে। তাই (বাইদেউ) এনে এজন মানুহ বিচাৰিছে যিজনে তাইক তাইৰ জীৱিকা বা বৃত্তিক আগবঢ়াই নিয়াত পূর্ণ স্বাধীনতা দিয়ে আৰু তাই যেনেদৰে বিচাৰে তেনেদৰে জীৱনটো অতিবাহিত কৰাৰ বাবে সন্মতি প্রদান কৰে। তাইৰ পৰিয়ালে বিচাৰিছে এজন চৰকাৰী বিষয়া, যিয়ে তেওঁলোকক সামাজিক আৰু বিত্তীয়মূলক ভাৱে শক্তিশালী অনুভৱ দিব। তেওঁলোকে সমাজৰ হেঁচাৰ ববে ল’ৰাজন নিজৰ সম্প্ৰদায়ৰ ভিতৰৰ হোৱাটোও বিচাৰিছে কিন্তু মোৰ বাইদেবে সম্প্রদায়ক আধাৰ হিচাপে নলৈ এজন মৰমীয়াল স্বামীহে বিচাৰিছে।


ওপৰৰ উদাহৰণটোত এইটো স্পষ্ট হৈ পৰিছে যে ব্যক্তিগত বাচনি প্ৰায়েই এজনৰ ব্যক্তিগত প্ৰয়োজনীয়তা আৰু চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হয়।


ছোৱালীজনীৰ চিন্তাধাৰা আধুনিক আৰু এজন জীৱন লগৰী বিচৰাৰ ক্ষেত্ৰত তাই জাতি বা সম্প্ৰদায়ৰ প্ৰাচীৰৰ বা বাধাৰ ওপৰত বিশ্বাস নকৰে। তাইৰ দৃষ্টিভংগী তাই কাম কৰা ঠাই আৰু শিশুকালৰ খেলৰ লগৰীয়াসকলৰ সমূহৰ পৰিৱৰ্তিত পৰিৱেশৰ সৈতে গঢ়ি লৈ উঠিছে। আনহাতে, তাইৰ মাক-দেউতাক তেওঁলোকৰ সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু তেওঁলোকৰ নিজস্ব সামাজিকসমূহৰ পৰা এজন জোঁৱাই বিচাৰিবৰ বাবে সমাজৰ হেঁচা অনুভৱ কৰিছে। ওপৰত উল্লেখিত মাক-দেউতাকৰ দৃষ্টিভংগী মতামত গঠিত হৈছে সমাজৰ হেঁচাৰ দ্বাৰা আৰু নিজস্ব প্রয়োজনীয়তাৰ বাবে তেওঁলোকে বিচাৰিছে এজন জোঁৱাই যিজন চৰকাৰী বিষয়া সেইবাবেই, আমি ক’ব পাৰো যে আমাৰ প্ৰয়োজনীয়তা আৰু মতামত বা দৃষ্টিভংগীসমূহ গঠিত হয় সমাজৰ বিভিন্ন সংস্থাসমূহ যেনে— কাম কৰা ঠাই খেলাৰ সমনীয়া আদিৰ দ্বাৰা ৷


















অতিৰিক্ত প্রশ্নোত্তৰ


১। সমাজতত্ত্বৰ পিতৃ কোন?

উত্তৰঃ

আগষ্টক’ট।


সমাজতত্ত্বৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ

১৮৩৯ চনত৷


৩। এগৰাকী ভাৰতৰ বিশিষ্ট সমাজতত্ত্ববিদৰ নাম লিখা।

উত্তৰঃ

ডঃ ৰাধাকমল মূখার্জী।


81 ‘সামাজিক সম্বন্ধ’ সমাজৰ/সংস্থাৰ/ প্ৰমূল্যৰ এটা প্ৰধান বৈশিষ্ট্য। (শুদ্ধ উত্তৰটো লিখা)

উত্তৰঃ

সমাজৰ।


৫। প্রত্যক্ষবাদ কি?

উত্তৰঃ

সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে শুদ্ধ তথ্য সংগ্ৰহ কৰি পৰ্যবেক্ষণৰ জৰিয়তে বাস্তৱসন্মত অধ্যয়ন কৰা পদ্ধতিয়েই হ’ল প্রত্যক্ষবাদ ।


সমাজশাস্ত্ৰ হৈছে সমাজ বিজ্ঞান/প্রাকৃতিক বিজ্ঞান। (শুদ্ধ উত্তৰটো লিখা)

উত্তৰঃ

প্রাকৃতিক বিজ্ঞান।


৭। প্ৰত্যক্ষবাদী দৰ্শনৰ শ্ৰষ্ঠা কোন।

উত্তৰঃ

আগষ্ট ক’ট।


৮। সমাজশাস্ত্ৰৰ জন্মস্থান কোন ৰাষ্ট্ৰত অৱস্থিত ?

উত্তৰঃ

ফ্রান্সত।


৯। সমাজতত্ত্বই কি কৰে ?

উত্তৰঃ

সমাজতত্ত্বই সামাজিক ক্রিয়া, সামাজিক সম্বন্ধ আৰু এইবোৰৰ প্ৰকৃতি, স্বৰূপ, ফলাফল আৰু পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে।


১০। 'সমাজতত্ত্ব আৰু নৃতত্ব যঁজা ভগ্নীস্বৰূপ’ – এই উক্তিটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ

. এল. ক্ৰবাৰে ।




চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ


১। সমাজতাত্বিক কল্পনা কি ?

উত্তৰঃ

ব্যক্তি আৰু সমাজ কেনেকৈ যুক্তি আধাৰিত সম্পৰ্কৰ মাজেৰে ৱৰ্ত্তী থাকে সেইটো আলোচনা কৰিবলৈ বিখ্যাত সমাজতাত্বিক চি. ৰাইট মিলচে সমাজতাত্বিক কল্পনাৰ ধাৰণাটো উত্থাপন কৰিছিল। তেওঁৰ মতে ব্যক্তিগত আৰু ৰাজহুৱা বিষয়ৰ মাজত সদায় যুক্তি আধাৰিত সম্পৰ্ক বিৰাজমান হৈ থাকে। ব্যক্তিয়ে জীৱনত দুবিধ সমস্যাক বিশেষভাৱে প্রাধান্য দিয়ে— ব্যক্তিগত সমস্যা আৰু ৰাজহুৱা সমস্যা। এই দুয়োবিধৰ মাজত থকা পাৰ্থক্যক উপলব্ধি কৰাত সমাজতাত্বিক কল্পনাই সহায় কৰে।



২। সমাজত বহুত্বতা আৰু অসমতা কেনেদৰে দেখা পোৱা যায় ? আলোচনা কৰা।

উত্তৰঃ

সমাজ বহুত্বতা আৰু অসমতাৰে ভৰপূৰ। বহুত্বতা আৰু অসমতাবিহীন সমাজ ক’তো পোৱা নাযায় ৷ উদাহৰণস্বৰূপে আমি যদি ভাৰতীয় সমাজলৈ চাওঁ তেন্তে বিশাল ভাৰতীয় সমাজৰ ভিতৰতে বিভিন্ন ভাষা, ধৰ্ম, নৃ-গোষ্ঠী আদিৰ ভিত্তিত সমাজ গঢ়ি উঠা দেখা যায়। ইয়াৰোপৰি গ্ৰাম্য আৰু নগৰীয়া সমাজৰ দৰে পৃথক সমাজব্যৱস্থাও আমি দেখা পাওঁ । এয়া হৈছে সামাজিক বহুত্বতাৰ উদাহৰণ।


আনহাতে সকলো সমাজতে কম-বেছি পৰিমাণে অসমতা দেখা পোৱা যায়। ভাৰতীয় সমাজলৈ চালে দেখা যায় যে কিছু সংখ্যক লোক অত্যন্ত চহকী হোৱাৰ বিপৰীতে সৰহ সংখ্যক লোকেই দৰিদ্ৰ। কিছু সংখ্যক উচ্চ শিক্ষিত হোৱাৰ বিপৰীতে বেছি সংখ্যকেই অশিক্ষিত। এনেদৰে সমাজত অসমতা থকা পৰিলক্ষিত হয় ৷


৩। সমাজতত্ত্ব কি ?

উত্তৰঃ

সমাজতত্ত্ব হৈছে মানৱ সমাজৰ বিজ্ঞানসন্মত অধ্যয়ন। সমাজতত্ত্বৰ মূল বিষয় হৈছে সমাজৰ বিভিন্ন দিশবোৰক সামাজিকভাৱে অধ্যয়ন কৰা। মানুহৰ সামাজিক জীৱন সামাজিক গোট আৰু সমাজ সম্পর্কে সমাজতত্ত্বই অধ্যয়ণ কৰে৷


81 সমাজতত্ত্ব বিজ্ঞান নে ?

উত্তৰঃ

আৰম্ভণিৰে পৰা সমাজতত্ত্বই এটি বিজ্ঞান বিষয় হিচাপে পৰিগণিত হৈ আহিছে। সমাজতত্ত্ব সদায় বিজ্ঞানসন্মত অধ্যয়ন পদ্ধতিৰ লগত জড়িত হৈ থাকে। সমাজতত্ত্বই সাক্ষ্যবোৰ নিৰীক্ষণ কৰে, প্ৰমাণ কৰে আৰু প্ৰমানিত সাক্ষ্যৰ আধাৰত মন্তব্য প্রকাশ কৰে। সেয়েহে এনে মন্তব্য ভৱিষ্যতে পৰীক্ষা কৰিবও পাৰি। ইয়াৰোপৰি সমাজতত্বই কৰা নিৰীক্ষণ আৰু বিশ্লেষণবোৰ কিছুমান বিশেষ নিয়মসম্মত হয় যাৰ বাবে এইবোৰ আন এজনে পুনৰ পৰীক্ষা কৰিব পৰা থল থাকে। এনেদৰে সমাজতত্ত্ব এক বিজ্ঞান বিষয় হিচাপে পৰিগণিত হৈ আহিছে।


সমাজতত্ব আৰু ব্যৱহাৰিক জ্ঞানবোধ (Commonrense) ৰ মাজৰ পাৰ্থক্য কেনে ?

উত্তৰঃ

ব্যৱহাৰিক জ্ঞানবোধ হ’ল সাধাৰণ দৃষ্টিৰে আয়ত্ব কৰা জ্ঞান যাৰ আধাৰ হৈছে স্বাভাৱিক ব্যাখ্যা বা ধাৰণা আৰু কোনো ব্যক্তিৰ ব্যক্তিগত ব্যাখ্যা।


কিন্তু সমাজতত্বৰ নিজা অৱধাৰণা, অধ্যয়ন পদ্ধতি আৰু নিজা তথ্য সম্ভাৰ আছে—যিয়ে সমাজতত্ত্বক ব্যৱহাৰিক জ্ঞানবোধৰ পৰা পৃথক কৰে। ব্যৱহাৰিক জ্ঞান অ-প্ৰতিফলিত কাৰণ ই নিজৰ উৎস সম্বন্ধে জ্ঞাত নহয়। ব্যৱহাৰিক জ্ঞানবোধে নিজকে কেতিয়াও এনেদৰে প্ৰশ্ন নকৰে মই কিয় এই মনোভাব লৈছো? কিন্তু সমাজতাত্বিক সকলে সচৰাচৰ সমাজত প্ৰচলিত ভাবধাৰাবোৰৰ ওপৰত প্রশ্ন উত্থাপন কৰে এইটো সঁচানে? সমাজতত্ত্বত এনেদৰে পদ্ধতিগতভাৱে চিন্তা-চৰ্চা আৰু প্ৰশ্ন উত্থাপন কৰে। বিজ্ঞানসন্মত কৌশলৰ ব্যৱহাৰ কৰা হয়।


সমাজতত্ত্বৰ গঠনত অৰিহণা আগবঢ়োৱা বৌদ্ধিক কাৰক সমূহ কি কি ? আলোচনা কৰা।

উত্তৰঃ

সমাজতত্ত্বৰ বিকাশত চাৰ্লচ ডাৰউইনৰ জৈৱ ক্ৰমবিকাশৰ সূত্ৰৰ প্ৰভাৱ আছিল অপৰিসীম। ডাউইনৰ জৈৱ ক্ৰমবিকাশ সূত্ৰ অনুসৰি জীৱিত প্ৰাণীবোৰৰ স্তৰ অনুযায়ী বিকাশ আৰু পৰিৱৰ্তন ঘটে আৰু জীৱদেহৰ প্ৰত্যেকটো অংগই নিজ নিজ কার্য সম্পাদন কৰে। এই ভাবধাৰাৰ আৰ্হিত সমাজকো জীৱিত প্ৰাণীৰ লগত তুলনা কৰা হৈছিল৷ জীৱিত প্ৰাণীৰ দৰে সমাজখনৰো বিকাশ ঘটে আৰু সমাজৰো প্ৰত্যেকটো অংগই, জীৱদেহ এটাৰ অংগৰ নিচিনাকৈ নিজ নিজ কার্য সম্পাদন কৰে বুলি ভবা হৈছিল। এই ভাবধাৰাৰৰ আৰ্হিতে সমাজৰ বিভিন্ন সংস্থা যেনে— পৰিয়াল, শিক্ষানুষ্ঠান আদিৰ দৰে সংৰচনাবোৰৰ অধ্যয়ন আৰম্ভ হয় ।


১৭ শতিকাৰ শেষ ভাগত ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলনেও সমাজতত্ত্বৰ বিকাশত ব্যাপক প্ৰভাৱ পেলাইছিল। বৈজ্ঞানিক চিন্তাধাৰাৰ উন্মেষ ঘটোৱা এই জ্ঞানোদয় আন্দোলনে

এক শ্ৰেণীৰ নতুন চিন্তানায়কৰ জন্ম দিছিল। এনে চিন্তা নায়কসকলে যুক্তি আধাৰত বস্তুবাদী চিন্তাৰ বিকাশ ঘটাইছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে প্রাকৃতিক বিজ্ঞানৰ নিয়ম নীতি, সূত্ৰ, অৱধাৰণা আদিবোৰ সমাজৰ সমস্যা অধ্যয়ন কৰোতে প্রয়োগ কৰিব পাৰি। এনেদৰে সামাজিক সমস্যা অধ্যয়নত সামাজিক জৰীপৰ দৰে কৌশলৰ ব্যৱহাৰ আৰম্ভ হয়।


ইয়াৰোপৰি পৃথিৱীৰ বিভিন্ন দেশৰ ভ্ৰমণকাৰীসকলে প্ৰাচীন সমাজৰ বিষয়ে অসংখ্য মূল্যবান টোকা লিখি থৈ গৈছিল । উপনিৱেশিক শাসকসকলেও বিভিন্ন প্ৰাক-আধুনিক সমাজৰ বিষয়ে তথ্য সম্বলিত বিৱৰণ দাঙি ধৰিছিল। এই বিৱৰণবোৰৰ দ্বাৰা প্ৰভাৱিত হৈ সমাজতাত্বিক সকলে সমাজক নতুন দৃষ্টিভংগীৰে বুজিবলৈ যত্ন কৰিছিল। সমাজৰ বিভিন্ন প্রকাশ (Type) আৰু সামাজিক প্ৰগতিৰ বিভিন্ন স্তৰবোৰৰ নিৰীক্ষণ আৰম্ভ কৰা ১৯ শতিকাৰ কেইজনমান প্ৰখ্যাত সমাজতাত্বিক আছিল আগষ্ট ক', কার্ল মার্ক্স, স্পেনচাৰ আদি ।


এই বৌদ্ধিক কাৰকবোৰে সমাজতত্ত্বৰ গঠনত আগভাগ লৈছিল।



সমাজতত্ত্বৰ গঠনত কি কি বস্তুবাদী কাৰকে প্ৰভাৱ পেলাইছিল ?

উত্তৰঃ

সমাজতত্বৰ গঠনত প্ৰভাৱ পেলোৱা বস্তুবাদী কাৰকবোৰৰ ভিতৰত আটইতকৈ গুৰুত্বপূৰ্ণ আছিল শিল্প বিপ্লব। ইংলেণ্ড আছিল শিল্প বিপ্লৱৰ প্ৰাণকেন্দ্র। শিল্প বিপ্লৱৰ মূল চালিকাশক্তি আছিল পুঁজিবাদী আর্থিক ব্যৱস্থা। শিল্প বিপ্লৱে সৃষ্টি কৰা উদ্যোগীকৰণে শ্ৰমৰ মানদণ্ড নিম্নগামী কৰিলে। কুঁটীব আৰু হস্তশিল্পৰ অৱস্থা সংকটময় হৈ পৰিল৷ পূৰ্বতে গাঁও, পৰিয়াল আদিব ভিত্তিত থকা সৰল শ্রম বিভাজন জটিল হৈ পৰিল।


উদ্যোগীকৰণে নগৰীকৰণ প্ৰক্ৰিয়া তৰান্বিত কৰিলে। উদ্যোগবোৰক কেন্দ্ৰ কৰি শ্ৰমিকৰ বসতি আৰম্ভ হ’ল। শ্ৰমিকৰ মজুৰি কম হোৱাৰ বাবে অস্বাস্থ্যকৰ পৰিবেশতে থাকিবলগীয়া হ'ল। এনেদৰে উদ্যোগবোৰক কেন্দ্ৰ কৰি সৰু সৰু নগৰৰ সৃষ্টি হ’ল আৰু এই নগৰবোৰত অস্বাস্থ্যকৰ পৰিবেশত শ্রমিক শ্ৰেণীৰ জনবহুল বস্তি (Slum) এলেকাৰ জন্ম হ’ল।


ইয়াৰোপৰি বৃহৎ বৃহৎ উদ্যোগবোৰত উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে বজাৰ আৰু এনে উদ্যোগবোৰৰ বাবে কেচামালৰ সন্ধানত সাগৰৰ সিপাৰলৈ যাত্ৰা আৰম্ভ হ'ল— যাৰ ফলত এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাত উপনিৱেশিক শাসন আৰম্ভ হয়। এই উপনিৱেশিক অঞ্চলবোৰত থকা হস্তশিল্প সম্পূৰ্ণৰূপে ধ্বংস হ’ল।


এনেদৰে শিল্প বিপ্লৱ, নাগৰীকৰণ প্ৰক্ৰিয়া উপনিৱেশিক শাসন ব্যৱস্থাৰ উৎপত্তিৰ দৰে কাৰকে সমাজতত্ত্ব অধ্যয়ন আৱশ্যকীয় কৰি তুলিছিল।


৮। ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশ সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ

ভাৰতবৰ্ষৰ সমাজত ব্যৱস্থা উপনিৱেশিক ব্যৱস্থাৰ দ্বাৰা, ব্যাপকভাৱে প্ৰভাৱিত হৈছিল। ভাৰতত উদ্যোগীকৰণ, পুঁজিবাদী আর্থিক ব্যৱস্থা, নগৰীকৰণ, আধুনিক শিক্ষা ব্যৱস্থা আদি উপনিৱেশিকতাৰ জৰিয়তে আৰম্ভ হৈছিল। সেয়েহে ভাৰতৰ সামাজিক পৰিৱৰ্তনৰ বিষয়ে জানিবলৈ হ'লে ইউৰোপৰ সমাজ ৰাজনীতিৰ লগতে পশ্চিমীয়া সমাজতাত্বিক সকলৰ লেখনিৰ সহায় ল'ব লগা হয়। অৱশ্যে এনে লেখনিৰ সকলোবোৰ শুদ্ধও নাছিল। উদাহৰণস্বৰূপে পশ্চিমীয়া সমাজতাত্বিক সকলে ভাৰতীয় গ্ৰাম্য সমাজক অপৰিৱৰ্তনীয় বুলি ভাবিছিল— যিটো পিছলৈ ভুল বুলি প্ৰমাণিত হৈছিল।


যি কি নহওক ভাৰতত সমাজতত্ত্বৰ স্নাতকোত্তৰ পাঠ্যক্ৰম অৰম্ভ হয় ১৯১৯ চনত বোম্বে বিশ্ববিদ্যালয়ত। ১৯২০ চনত কলিকতা আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ত বিষয়টোৰ শিক্ষাদান আৰম্ভ হয়। ইয়াৰ পিছত ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত সামাজতত্বক শিক্ষণীয় বিষয় হিচাপে অন্তর্ভুক্ত কৰা হৈছে।


সমাজতত্ত্বৰ পৰিধি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ

সমাজতত্ত্বৰ অধ্যয়ন ক্ষেত্র অতি বিশাল আৰু বিস্তৃত। সমাজতত্ত্বই ব্যক্তিৰ সৈতে ব্যক্তিৰ আন্তঃসম্পৰ্কৰ ব্যাখ্যা আগবঢ়ায়। আনহাতে সমাজতত্ত্বই নিৱনুৱা সমস্যা, জাতিবাদ আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচিত হোৱা বিষয়সমূহো আলোচনা কৰে। ইয়াৰোপৰি গোলকীয় সামাজিক সমস্যা আৰু প্ৰক্ৰিয়াবোৰো সমাজতত্ত্বই আলোচনা কৰে। যেনে গোলকীয় উষ্ণতা বৃদ্ধি তথা পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় বিয়য়সমূহ, যুৱকসকলৰ ওপৰত ইলেক্ট্রনিক মাধ্যমৰ প্ৰভাৱ আদিৰ দৰে বিষয়ো সমাজতত্ত্বই আলোচনা কৰে।


সেয়েহে বর্তমান সমাজত সমাজতত্ত্বই কি অধ্যয়ন কৰিছে সেয়া বিশেষ গুৰুত্বপূৰ্ণ নহয়— গুৰুত্বপূৰ্ণ কথাটো হ’ল বাছি লোৱা ক্ষেত্ৰখন সমাজতত্ত্বই কেনেদৰে অধ্যয়ণ কৰে৷



১০। সমাজতত্ত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বৌদ্ধিক কাৰক কেইটা কি কি ?

উত্তৰঃ

সমাজতত্ত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বৌদ্ধিক কাৰকবোৰৰ ভিতৰত কিছুমান উল্লেখযোগ্য কাৰক হ'ল—


) ইউৰোপত সৃষ্টি হোৱা জ্ঞানোদয় আন্দোলন।

) ডাউইনৰ জৈৱ ক্ৰম বিকাশ তত্ব।

) ফৰাচী বিপ্লৱ।

) বিভিন্ন সমাজ সম্বন্ধে পৰিব্ৰাজক সকলৰ টোকা আৰু প্ৰাক-আধুনিক সমাজৰ বিষয়ে উপনিৱেশিক শাসকসকলৰ লিখনী আদি।


১১। সমাজতত্ত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বস্তুবাদী কাৰকবোৰ কি কি ?

উত্তৰঃ

সমাজতত্ত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বস্তুবাদী কাৰকবোৰ হ':

) শিল্প বিপ্লৱ।

) উদ্যোগীকৰণ।

) নগৰীকৰণ।

) উপনিৱেশিক শাসন ব্যৱস্থা আদি ।


১২। সমাজতত্ত্ব আৰু অৰ্থনীতিৰ মাজৰ সম্পৰ্ক আলোচনা কৰা ৷

উত্তৰঃ

সমাজশাস্ত্ৰ আৰু অৰ্থনীতি বিজ্ঞান পাৰস্পৰিক ভাৱে সম্পর্কযুক্ত। অধ্যয়নৰ বিষয় বস্তুৰ ফালৰ পৰা সমাজশাস্ত্ৰ অৰ্থনীতি বিজ্ঞানৰ কিছুমান উমৈহতীয়া বিষয় আছে, যেনেকৈ - জনসংখ্যা, ঘনত্ব, শ্রমবিভাজন, সংঘর্ষ, অর্থনৈতিক সংগঠন ইত্যাদি। অৱশ্যে ইহঁতৰ দৃষ্টিভংগী ভিন্ন।

বিষয়বস্তুৰ সাদৃশ্যৰ উপৰিও আদৰ্শৰ ফালৰ পৰাও সমাজশাস্ত্ৰ আৰু অৰ্থনীতি বিজ্ঞানৰ মাজত কিছু মিল আছে ৷ দুয়োটা বিষয়েই সাৱধানতাৰে অধ্যয়নৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি প্রয়োগ কৰে।


পি.এইচ.উইকষ্টিদে অর্থনীতি বিজ্ঞানক সমাজশাস্ত্ৰৰ লিগিৰী স্বৰূপ বুলি কৈ ইহঁতৰ মাজত থকা সম্পৰ্কটো আৰু সুগভীৰহে কৰিছে।



১৩৷ সমাজতত্ত্ব আৰু বুৰঞ্জীৰ সম্বন্ধ দেখুওৱা।

উত্তৰঃ

সমাজশাস্ত্ৰ আৰু বুৰঞ্জীৰ মাজত এক অতি নিবিড় গভীৰ সম্পৰ্ক আছে, যাৰ বাবে বহুতো সমালোচকে ইহঁতক পৃথক বিষয় হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে। এইচ..হাবাদৰ মতে, “বুৰঞ্জী অতীতৰ সমাজশাস্ত্ৰ আৰু সমাজশাস্ত্ৰ বৰ্তমানৰ বুৰঞ্জী।”


ঐতিহাসিক সমাজশাস্ত্র (Historical Sociology) নামৰ এটি নতুন ধাৰাই বুৰঞ্জী আৰু সমাজশাস্ত্ৰৰ সম্বন্ধৰ আৰু গভীৰ ৰূপ দিছে। সমাজশাস্ত্রবিদ মেক্‌স ৱেবাৰে সমাজশাস্ত্ৰীয় বৈশিষ্ট্যৰে ঐতিহাসিক ঘটনাৰ স্বৰূপ ব্যাখ্যা কৰিছে। ফলত বুৰঞ্জীৰ ক্ৰমবিকাশ ঘটি সামাজিক বুৰঞ্জীৰ বিকাশ হয়। এই সামাজিক বুৰঞ্জী নামৰ বিষয়টোৱে সমাজশাস্ত্ৰৰ লগত বুৰঞ্জীৰ গভীৰ সম্বন্ধ স্থাপন কৰিছে।



১৪। সমাজশাস্ত্র আৰু নৃ-তত্ত্বৰ সম্বন্ধ দেখুওৱা।

উত্তৰঃ

সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্ব অতি নিবিড়ভাৱে জড়িত। সেইকাৰণে এ. এল. ক্ৰবাৰে নৃতত্ত্ব আৰু সমাজশাস্ত্ৰক যঁজা-ভগ্নীস্বৰূপ (Twin-sisters) বুলি আখ্যা দিছে। অন্যান্য বহুতো সমাজশাস্ত্রবিদে নৃ-তত্ত্বক সমাজশাস্ত্ৰৰ এটা প্ৰধান ভাগ বুলি উল্লেখ কৰিছে। ইভান পিটচাৰ্ডে নৃ-তত্ত্ব আৰু সমাজশাস্ত্ৰৰ সাদৃশ্যতাৰ প্ৰতি লক্ষ্য ৰাখিনৃ-তত্ত্বক সমাজশাস্ত্ৰৰ এটা শাখা হিচাপে মন্তব্য কৰিছে। সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্ব উভয়েই কিছুমান বিষয় যেনে – ধৰ্ম, পৰিয়াল, পদ্ধতি, ভাষা আদিৰ বিষয়ে অধ্যয়ন কৰে। এই বিষয়বিলাক দুয়োটা বিজ্ঞানৰ বাবেই গুৰুত্বপূৰ্ণ।


১৫৷ সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্ব বিজ্ঞানৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ

সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্বৰ মাজত কিছুমান ক্ষেত্ৰত মিল আছে যদিও তলত উল্লেখ কৰা বিষয়সমূহত আমি পার্থক্য দেখিবলৈ পাওঁ


() সামাজিক জীৱনৰ ওপৰত অধ্যয়ন চলাই সমাজশাস্ত্রই সিদ্ধান্ত প্রকাশৰ বাবে চেষ্টা চলায়। আনহাতে নৃ-তত্ত্বই প্রাচীনতম জনজাতীয় প্ৰকৃতিৰ সমাজ একোখনৰ সামগ্ৰিকস্বৰূপ প্ৰকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


() সমাজশাস্ত্ৰই কিছুমান সামাজিক ঘটনাৰ বিষয়ে পূর্বকথন কৰিব পাৰে । আনহাতে নৃতত্ত্বৰ পূৰ্বকথনীয়তা গুণ নাই।


() সমাজশাস্ত্ৰই বস্তুতাত্বিক অধ্যয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে কিন্তু নৃ-তত্ত্ব বিজ্ঞানে বৈজ্ঞানিক পদ্ধতিৰ মান নিৰীক্ষণ প্ৰণালীৰ বাহিৰেও আন কিছুমান পদ্ধতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷


() সমাজশাস্ত্ৰ আৰু নৃ-তত্ত্বৰ অধ্যয়ন পদ্ধতিৰ মাজতো পার্থক্য আছে। সমাজশাস্ত্ৰই ইয়াৰ বিষয়বস্তু অধ্যয়ন কৰিবলৈ যাওঁতে বিভিন্ন অধ্যয়ন পদ্ধতি প্রয়োগ কৰে। যেনে- ক্ষেত্ৰ নিৰীক্ষণ পদ্ধতি, পৰিসংখ্যামূলক পদ্ধতি, জৰীপ পদ্ধতি আদি। কিন্তু নৃ-তত্ত্বই একমাত্র ক্ষেত্ৰ-নিৰীক্ষণ প্ৰণালীকেই অধ্যয়ন পদ্ধতি হিচাপে ব্যৱহাৰ কৰে।


()সমাজতত্ত্বই সকলো ধৰণৰ মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰে। নৃ-তত্ত্বই প্ৰাথমিক জনজাতীয় প্ৰকৃতিৰ সমাজৰ বিষয়ে অধ্যয়ন কৰে। অৰ্থাৎ, সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্র নৃ-তত্ত্ব বিজ্ঞানতকৈ বহল।



Popular posts from this blog

Class 7 Mathe Solution SEBA Privacy Policy

APDCL Question Paper