Posts

Showing posts from September, 2022

সমাজতত্ত্ব আৰু সমাজ | H.S 1st Year Sociology Chapter 1 Solution

  পাঠভিত্তিক প্রশ্নোত্তৰ ১ । সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়ন কিয় গুৰুত্বপূৰ্ণ ? আলোচনা কৰা ৷ উত্তৰঃ অকল সমাজতত্ত্বৰে নহয় , অধ্যয়নৰ বিষয় হিচাপে সকলো বিষয়ৰে উৎপত্তি আৰু বিকাশৰ অধ্যয়নে সেই বিষয়টোক বুজি পোৱাত সহায় কৰে। সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নে আমাক সমাজতত্ত্বক , সমাজতত্ত্বৰ উৎপত্তিৰ কাৰকবোৰ কি কি , ইয়াক অধ্যয়নৰ বিষয়বস্তু আদি বিষয়ক জ্ঞান দিয়ে। সমাজতত্ত্বৰ উৎপত্তি হৈছিল ইউৰোপত আৰু সমাজতত্ত্বৰ বেছিভাগ বিষয় - বস্তু ইউৰোপীয় সমাজৰ পৰা লোৱা। যদি আমি সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে অধ্যয়ন নকৰো তেন্তে আমি কিয়নো ইউৰোপত উৎপত্তি আৰু বিকাশ ঘটা বিষয় কিয় অধ্যয়ন কৰিব লাগে বা কিয়নো ইউৰোপত সমাজতত্ত্বৰ উৎপত্তি ঘটিল আদি বিষয়ক প্রশ্ন বিলাকৰ সমিধান পাব নোৱাৰি। প্ৰকৃততে ১৭ শতিকাৰ পৰা ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলন , শিল্প বিপ্লৱ , পুঁজিবাদী ব্যৱস্থা তথা উদ্যোগীকৰণে সমাজলৈ যি অভূতপূর্ব পৰিৱৰ্তন কঢ়িয়াই আনিছিল সেই পৰিৱৰ্তনৰ প্ৰেক্ষাপটত সমাজক বিজ্ঞাসন্মতভাৱে আলোচনা কৰিবলৈকে সমাজতত্ত্বৰ জন্ম হৈছিল। ইউৰোপত সৃষ্টি হোৱা এনে পৰিৱৰ্তনৰ বতাহে সমগ্র বিশ